Tuesday, September 19, 2017

এটা কুকুৰাৰ মৃত্যুত



শিৰোনামাটো আচহুৱা যেন লাগিছে নিশ্চয়। লাগিবই। দৈনন্দিন কিমানৰ ঘৰত, বিশেষকৈ উৎসৱ, পাৰ্বণ, দেওবাৰ, বন্ধৰ দিনত, দৈনিক বজাৰত, সন্ধিয়া তিনিআলিটোৰ মুৰত কিমান যে কুকুৰা ৰাইৰ বিনাশন হৈ থাকে তাৰো হিচাপ কোনোবাই ৰাখিছেনে? এয়া অৱেশ্যে নিন্তান্তই খাদ্য হিচাপেহে বধ কৰা হয়। আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় মাংসসাৰ, খাদ্যপ্ৰাণৰ প্ৰয়োজন পূৰণৰ বাবেহে। দৈনিক অগণন কুকুৰাপ্ৰাণনাশ চলি থাকিলেও ইয়াত বিশেষ “এটা কুকুৰাৰ মৃত্যু”ৰ বিষয়েহে লিখিবলৈ লৈছো।
খাবলৈ অনা কুকুৰা এটাৰ মৃত্যুও সচাকৈয়ে এক বিষাদৰ কাৰণ হ'ব পাৰে।  লিখিবলৈ লোৱা কুকুৰাটোৰ মৃত্যু হোৱা ঘটনাটো কেইবামাহো আগৰ যদিও কুকুৰাটোৰ এমাহজোৰা সান্নিধ্যই আমাৰ ছোৱালীজনীক মাজে মাজে আমনি দি থাকিবলৈ যথেষ্ট। তাই এতিয়াও কিছুমান মুহূৰ্তত আমাক কুকুৰাটো কথা মনত পেলাই অলপ হলেও ব্যথিত কৰি তোলে। কুকুৰা কোনোদিনে পুহি পোৱা নাছিলো। কিন্তু কুকুৰাৰ কণী আৰু মঙহ মনত থকা দিনৰে পৰাই ভক্ষণ কৰি আহিছো। আমাৰ পৰিয়ালৰ কনিষ্ঠতম সদস্যৰ মুখৰ পৰাও এই দুয়োবিধ নিস্তাৰ পোৱা নাই। যি নহওক ঘটনাটো আপোনালোকক কৈ লও। এটা দেওবাৰৰ ৰাতিপুৱা। টোপনিৰ মজা লৈছো। হঠাত ওচৰ-চুবুৰীয়া এজনৰ চিঞৰ-বাখৰত সাৰ পালো। চকু দুটা মুদি বিচনাতে কিনো হৈছে উমান লবলৈ চেষ্টা কৰিলো।
: ধৰা ধৰা! দেউতা!
: কোনফালে গৈছে?
: 'আঙ্কল'ৰ ঘৰৰ ফালে। 'ওৱাল' পাৰ হৈ গৈছে।
ৰাতিপুৱাই ৰাতিপুৱাই ওচৰৰ ঘৰৰ বাপেক আৰু পুতেকৰ চিঞৰ-বাখৰত চিন্তিত হৈ পৰিলো। নিশ্চয় কাহিলি পুৱাতে চুৰি চাপাচি। এনেয়েও এইকেইদিন চোৰৰ বৰ উপদ্ৰব হৈছে। চোৰ কৰিবলৈ আহি ধৰা পৰাৰ উপক্ৰমত এয়া নিশ্চয় চোৰৰ পৃষ্ঠভঙ্গ। চকু দুটা মুদি ঘটনাৰ ওমান লৈ আছিলো যদিও টোপনিৰ আমেজৰ পৰা নিজকে সম্পূৰ্ণকৈ বঞ্চিত কৰি চকু দুটা জোৰকৈ মেলি দিলো। বিছনাত উঠি বহিলো। খিৰিকীৰ পৰ্দা আঁতৰাই দিলো। উজ্জ্বল ৰদৰ পোহৰে চকু দুটাত চাত মাৰি ধৰিলে। সময় দেখিলো আঠ বাজি গৈছে। নিশ্চয় চোৰ নহয়! চোৰে এই আঠ বজাত বাহিৰে ভিতৰে মানুহেৰে গিজগিজাই থকা পৰিবেশ এটাত জানিবুজি আত্মঘাত কৰিবলৈ নিশ্চয় নাহে। 'আফটাৰ অল' কুম্ভীলক বৃত্তিধাৰী সকলৰো ধৰা পৰি যোৱাৰ ভয় এটা অনবৰতে থাকেই দিয়কচোন! হাতত চশমাযোৰ লৈ বাহিৰলৈ ওলালো। ইতিমধ্যে আমাৰ ঘৰৰ চৌহদৰ 'গেইট'খন খুলি ওচৰ-চুবুৰীয়া নিৰ্মল সোমাই আহিছেহি। আমাতকৈ সৰু, কাষতে থকা ঘটোত বহুবছ ধৰি ভাৰাতীয়া হিচাপে আছে। হাতত দীঘল লাঠি এডাল। দুমহলীয়া ঘৰটোৰ ছাদৰ পৰা পাঁচ নে ছয় বছৰীয়া পুতেকে দেউতাকক কিবাকিবি নিৰ্দেশ দিয়াত ব্যস্ত। মই এবাৰ পুতেকৰ ফালে এবাৰ দেউতাক নিৰ্মলৰ ফালে চালো। ঘটনাৰ উমঘাম একো নাপালো। ইতিমধ্যে আমাৰ ঘৰৰ চৌহদতে ইফাল সিফাল কৰি নিৰ্মলে মোৰ উপস্থিতি উপলব্ধ কৰি মাত লগালে-
: দাদা, মুৰ্গী এটা বিচাৰি আহিছো।
: নিৰ্মল, মুৰ্গী আমাৰ ঘৰত?
: চাৰিদিন আগতে 'শ্বশুৰবাড়ি' যাওতে দেশী মুৰ্গী এটা দি পঠিয়াইছিল। আমা ই আকৌ 'ব্ৰইলাৰ' মুৰ্গী নাখায়।
: ঠিক আছে বাৰু। তোমাৰ ঘৰ পাৰ হৈ মুৰ্গী আমাৰ ঘৰত যে!
: নহয় দাদা। আজি খাম কালি খাম বুলি ৰছী এডালেৰে ঠেঙত বান্ধি ৰাখিছিলো। পুত্রই ৰঙ চাবলৈ বুলি ৰছীডালৰ বান্ধটো খুলি দিলে। এতিয়া এই মুর্গী পিচে পিচে দৌৰি ফুৰিচো ক’ত জানো সোমাল!
নিৰ্মলৰ লগত বাহিমুখে ময়ো কুকুৰা চৰাইটো বিচৰাত লাগিলো। নাই কুকুৰাৰ উমঘামেই নাই! নিৰ্মলো আতঁৰি গ'ল। দেওবাৰৰ দিনটো পাৰ হ'ল। সোমবাৰৰ পৰা আকৌ ব্যস্ত কৰ্মজীৱন আৰম্ভ হ'ল। আৱেলি কৰ্মস্থলৰ পৰা উভতি ঘৰ সোমাইছোহি। ছোৱালীজনী মোৰ 'গেইট' খোলাৰ শব্দ শুনি প্ৰায় দৌৰি অহাদি কাণত ফুচফুচাই কব ধৰিলে।
: দেউতা জানানে, কুকুৰা চৰাইটো!
: কি কুকুৰা চৰাই অ'!
: অ' কুকুৰা চৰাইবৰ ধুনীয়া। ৰঙচুৱা কুকুৰা চৰাইটো কালি যে তেওঁলোকে বিচাৰি ফুৰিছিল! এতিয়া আমাৰ ঘৰতে আছেহি। মই চাউল দিছিলো। সব খালে। ইমান ভাল লাগিলে। মই কিন্তু কাকো নিবলৈ নিদিও।
বুজিলো, নিৰ্মলহতে খাবলৈ অনা কুকুৰা চৰাইটো আমাৰ ঘৰত চৰি আছে। হয়তো লুকাই আছিল এটা দিন! আৰু তাই মোক কাণত ফুচফুচাই কোৱাৰ অৰ্থ যাতে তেওলোকে গম পাই কুকুৰাটো আকৌ নিবলৈ নাহে। ঘৰত সোমাই দেখিলো ইতিমধ্যে কুকুৰাটোৱে গেৰেজটোৰ এটা কোণ নিগাজি পত্তা কৰি লৈছে। এইটোৱে সেই সময়ত ঘৰৰ আটাইকেইজন সদস্যৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। ছোৱালীজনীৰ প্ৰিয় 'কাৰ্টুন চেনেল' কেইটাও আজি জিৰণি লবলৈ পাইছে। আইতাকৰ মতে নিৰ্মলক কৈ হলেও এতিয়াই কুকুৰাটো ধৰাই দিব লাগে। হাজাৰ হলেও পুতেকলৈ বুলি খাবলৈ অনা! নহলে ৰাতিপুৱা আকৌ কৰবালৈ গুচি যাব। মাক জীয়েকৰ মতে কুকুৰাটো ধৰাই দিব নালাগে। লাগিলে কুকুৰাটোৰ মূল্যটোৱে দি দিব লাগে। মই সচাকৈয়ে এক ধৰ্মসংকটত পৰিলো।
মঙ্গলবাৰ ৰাতিপুৱা দেখিলো আপনমনে কুকুৰাটো চোতালতে চৰি আছে। ‘স্কুল’লৈ যাবলৈ ওলোৱা ছোৱালীজনীয়ে 'স্কুল'ৰ পোছাকযোৰ পৰিধান কৰি চাউল ডালি কিবাকিবি ছটিয়াই আছে। 'টিফিন'ৰ পৰা উলিয়াই ৰুটিৰ দুই এটা টুকুৰাও দিছে। কুকুৰাটোৱেও টপাটপ গিলিছে। দৃশ্যটোৱে মনটোত এক অনাবিল আনন্দৰ পোহাৰ বিলালে। মহানগৰত থকাৰ বিড়ম্বনা বহুতো। মনলৈ আহিল যান্ত্ৰিকতাই নাশ কৰিবলৈ ধৰা মহানগৰৰ পৰিবেশৰ মাজত এটা কুকুৰাৰ প্ৰাণভিক্ষাৰ বাবে  কণমানি এজনীৰ কাঅনুৰোধ তাইৰ এইকণ অনুৰোধো ৰাখিবলৈ মই অপাগনে! ধৰ্মসংকটৰ পৰা আঁতৰি আহিলো। মনতে স্থিৰ কৰিলো নিৰ্মলক লগ ধৰি অন্য এটা কুকুৰা লৈ দিম। তেঁও নিশ্চয় মান্তি হ'ব।
কুকুৰাটোক মোৰ ছোৱালীজনীয়ে তাইৰ খেলৰ সঙ্গী কৰি লৈছে। ইতিমধ্যে দহ দিনমান পাৰ হৈছিল। পিছে পিছে দৌৰি ফুৰিছিল। কেতিয়াবা কোচতে জপিয়াই আহি উঠে। ৰঙচুৱা পাখিৰে জিকমিকাই থকা দেহাটোত হাতৰে ফুৰাই দিলে নিশ্চুপ হৈ থাকে। কুকুৰাটোৱে তাইৰ হাতৰ তলুৱাতে খাবলৈ লৈছিল। অৱেশ্যে তাইৰ কোমল হাতৰ তলুৱাত শক্তিশালী ঠোঁটৰ খোট সহিব নোৱাৰি আকৌ মজিয়াতে দিবলৈ লৈছিলকুকুৰাটোৱে ইতিমধ্যে বাৰান্দাত থকা জোতাৰ বাকচত নিশাৰ আস্থান কৰি লৈছিল। কবলৈ পাহিৰিছিলোৱেই। নিৰ্মলে কুকুৰাটোৰ কোনো মূল্য নললে। মাথো কলে-
: দাদা, মই কিবা এটা ললে মোক পাপে চুব। দেখিছোৱেই নহয় কুকুৰাটোৱে কেনেকৈ আপোনাৰ ছোৱালীজনীৰ লগত খেলি থাকে। কালি স্কুল বন্ধ আছে নহয়। মোৰ লৰাটোও আহিব খেলিবলৈ। পূৰা এমাহ কুকুৰাটো লৈ আমিও ব্যতিবস্ত হৈ থাকিলো। ইহঁতে নাম এটাও থৈছিল। 'মুনু' বুলি মাতিলে দৌৰি আহিছিল।
-'মুনু'  ক'ত গলগৈ?
-'মুনু'ক কিবা খাবলৈ দিলি নে?
-'মুনু'ৱে বাৰান্দাখন লেতেৰা কৰিলে। পানী মাৰি দেছোন।
মুঠতে আমাৰ সকলোৰে মাজত দিনটোৰ কোনোবা নহয় কোনোবা এটা সময়ত 'মুনু'ৱে অলপ হলেও সময় অধিকাৰ কৰি ৰাখে। দেখাতো কুকুৰাটো দেখনিয়াৰ হৈ উঠিছিল। গাৰ ৰঙটোও উজ্জ্বল হৈছিল। বাহ এটা সাজি দিয়াৰ কথাও ভাবিছিলো। তেনেতে আহিল সেই অনাকাঙ্ক্ষিত ঘটনাটো। এদিন কৰ্মস্থলৰ পৰা আহোতে দেখিলো ঘৰত গোমা পৰিবেশ এটাই বিৰাজ কৰি আছে। ছোৱালীজনীয়েও মেজৰ খোৱাখিনিও লিৰিকি বিদাৰি আছে। মাজে মাজে বাহিৰলৈ আহি 'মুনু' মুনু' বুলি কৈ চিঞৰে। আবেলিৰ পৰাই 'মুনু'ৰ সন্ধান নাই। যৰে চাউল ততে পৰি আছে। নাই কতো নাই। আন্ধাৰ নামিছিল। 'টৰ্চ'টো লৈ আগফাল পিছফাল চালো। এঠাইত চকুত পৰিল- সৰু সৰু পাখি দুখনমান। হয় মুৰ্গীটোৰ পাখিয়েই হ'ব। ঘৰত একো নকলো।
আমাৰ ফালে বান্দৰৰ জাক এটা মাজে মাজে আহে। উপদ্ৰবো চলাই মাজে মাজে। আচলতে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ অভাব। সেয়ে ঠাই সলাই সলাই মাজে মাজে আমাৰ ফালেও খাদ্যবস্তুৰ সন্ধানত আহে। একো নাপালে অমিতা গছৰ পাতকে খাই যায়। দুৱাৰ খিৰিকী খোলা থাকিলেটো কথাই নাই! বান্দৰৰ জাক এটা সেইদিনাখনো আহিছিল। কোনোনবা এজনে এবাৰ নে দুবাৰ 'মুনু'ৰ চিঞৰো শুনিছিল। নকলেও হ'ব বান্দৰৰ জাকটোৰ অত্যাচাৰতেই 'মুনু'ৰ মৃত্যু ঘটিছিল। কুকুৰাটোৱে হয়তো নিজকে বচাবলৈ সুবিধাই নাপালে! পিছদিনা ৰাতিপুৱা ওচৰৰ এঘৰৰ চাদৰ ওপৰত ঘৰৰ গৰাকীয়ে 'মুনু'ৰ নিঠৰ দেহটো দেখি আমাক জনাইছিল। ছোৱালীজনীয়ে কান্দি কান্দি ভাত নোখোৱাকৈ সেমেকা চকু দুটাৰে 'স্কুল'লৈ বুলি বাছত উঠিছিল। মোৰো চকু দুটা সেমেকি উঠিছিল। এতিয়াও মাজে মাজে তাই মোৰ 'মোবাইল কেমেৰা'ৰে উঠাই থোৱা 'মুনু'ৰ 'ফটো'খন চাবলৈ ইচ্ছা কৰে।

দিগন্ত যাদৱ শৰ্মা

Sunday, June 25, 2017

প্ৰকৃতিৰ নৃত্য-পটীয়সী



অতীজৰে পৰাই মানুহে আবেগজনিত আৰু অন্যান্য কাৰণত অঙ্গ-প্ৰত্যঙ্গৰ সঞ্ছালনৰে বিভিন্ন ভঙ্গিমা প্ৰকাশ কৰিছিল কালক্ৰমত অঙ্গ-প্ৰত্যঙ্গৰ সঞ্ছালনা আৰু বিভিন্ন অংগী-ভঙ্গীৰ আৰ্হিত প্ৰকাশ কৰা ভঙ্গিমাবোৰেই সমাজ, সংস্কৃতি আৰু সময়ৰ সৈতে পৰিবৰ্তনৰ ৰূপ লয় আৰু ইয়ে হৈ পৰে নৃত্য আদিম অবস্থাত নিশ্চয় নৃত্যৰ বিষয়বস্তু আছিল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ ক্ৰমে নৃত্যই সমাজৰ বিভিন্ন কৃষিভিত্তিক উংসৱত সোমাই পৰে সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত নৃত্যৰ আমুল পৰিবৰ্তন ঘটিছে প্ৰকৃতিৰ লগত ওতপ্ৰোতঃভাবে জড়িত নৃত্যসমূহৰ অঞ্চলভেদে সুকীয়া বৈশিষ্ট আছে বহুতো নৃত্যত প্ৰকৃতিৰ বিভিন্ন ৰূপ তথা জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপন দেখা যায় আমাৰ সমাজ জীৱনত ধৰ্মীয় লোকবিশ্বাস বা পূজা-পাতলক কেন্দ্ৰ কৰি ধৰ্মীয় নৃত্যও দেখা যায় অর্থাৎ প্ৰাচীন কালৰে পৰাই নৃত্য-কলাৰ প্ৰচলন হৈ আহিছে এই নৃত্যধাৰা লাহে লাহে আধুনিক মঞ্চলৈ ওলাই আহে ইয়াৰে কিছুমান নৃত্য পৰাম্পৰাগতভাবে কিছু লোকৰ মাজতে আৱদ্ধ আছিল যদিও আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে
ভাৰতৰ শাস্ত্ৰীয় নৃত্যকলা হিচাপে মৰ্য্যদা পোৱা ৮টা নৃত্যশৈলী হৈছে ওদিছি নৃত্য, কথক নৃত্য, ভাৰত নাট্যম, কথাকলি নৃত্য, কুচিপুড়ি নৃত্য, সত্ৰীয়া নৃত্য, মণিপুৰী নৃত্য আৰু মোহিনীঅট্টম এই আটাইবোৰ নৃত্যকলাই স্বকীয় মহিমাৰে  মহিমামন্ডিত
প্ৰকৃতিৰ মাজত থাকিয়েই মানুহে বিভিন্ন পৰিৱেশত সময়ে সময়ে বিভিন্ন নৃত্য-গীতৰ সৃষ্টি কৰি আহিছে প্ৰকৃতিৰ কোলাত থকা বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰো বিভিন্ন সময়ত কৰা কিছুমান অঙ্গী-ভঙ্গীকো আমি নৃত্য বুলি কব পাৰো এই লেখাটোত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ নৃত্যৰ বিষয়ে খুব চমুকৈ কিছু কথা ব্যক্ত কৰিবলৈ লোৱা হৈছে প্ৰকৃতিৰ এই অমুল্য সৃষ্টিসমুহৰ ভিতৰৰ কিছুমান প্রাণীয়ে বিভিন্ন সময়ত কৰা দেহ-পাখি-ঠেং সঞ্চালনৰ অনুকৰণ কিছুমান নৃত্য-গীতৰ পদ সঞ্চালনকো বুজোৱা হয় যেনে আমাৰ সমাজ জীৱনৰ এক অঙ্গস্বৰূপ ওজাপালিৰ কিছুমান পদ-সঞ্চালনক বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ নামেৰে নামাকৰণ কৰা হৈছে যেনে ময়ুৰ বুলন, হস্তী বুলন, ধুপুনী (বালিমাহী চৰাই) বুলন ইত্যাদি ঠিক তেনেকৈ সুকনান্নী ওজাপালিৰ ক্ষেত্ৰত ওজাই পিন্ধা বগা পাগুৰীটো দহটা ভাঁজ দি ইয়াক ময়ুৰৰ পাখীৰ দৰে কৰি লোৱা হয়
প্ৰজননৰ সময়ত বহুতো চৰাইৰ মতাটোৱে মাইকীজনীক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰে এই সময়ত মতাটোৱে বিশেষ মাত, নাচ, উড়ন্ত অৱস্থাত কৰা ডেউকাৰ কৌশলে প্ৰধান এনে প্ৰদৰ্শনৰ ভিত্তিতেই মাইকী চৰায়ে নিজৰ লগৰীয়া নিৰ্বাচন কৰি লয় মতা ময়ুৰ চৰায়ে লগৰীয়া জনীক আকৰ্ষণ কৰিবলৈ প্ৰথমতে ভৰি আৰু মুৰ লৰাই সুন্দৰ নৃত্য কৰিবলৈ লয় লাহে লাহে পাখীৰ আকৰ্ষণীয় ৰঙৰ সমাহাৰেৰে পেট নচুৱাই নচুৱাই নৃত্যৰতা হয় ময়ুৰ পক্ষী প্ৰকৃতিৰ এক লেখত লবলগীয়া নাচনী উত্তৰ আমেৰিকাত পোৱা ডঁৰিক চৰাইয়েও বুকু আৰু নেজৰ পাখীসমূহৰে দেহ সঞ্চালন কৰি সুন্দৰ নৃত্য কৰা দেখা যায় ইহঁতে প্ৰায় গোটেই সপ্তাহটো ধৰি নৃত্য কৰি থাকে কেবল মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈহে কৰে এনেকৈ মতা চৰাইটোৱে দেহৰ প্ৰায় আধা ওজন হেৰুৱাই পেলায় আনকি জাপানত পোৱা 'মাডস্কিপাৰ' নামৰ এবিধ বিশেষ মাছেও লগৰীয়াজনীক আকৰ্ষণ কৰিবলৈ মনমোহা নৃত্য কৰে প্ৰশান্ত মহাসাগৰৰ 'ডেভিল ৰে' মাছবিধেও পানীৰ মাজৰ পৰা ওপৰলৈ জপিয়াই ভয়ানক ভাবে নৃত্য কৰে 'হাম্পবেক' নামৰ তিমিমাছেও নৃত্য কৰে, অৱশ্যে ধীৰ গতিত
জীৱ বিজ্ঞানী সকলে গৱেষণাৰ অন্তত ঠিৰাং কৰিছে যে মানুহৰ উপৰিও আন ছয় বিধ প্ৰাণীৰো নৃত্য কৰাৰ সক্ষমতা আছে এই ছয় বিধ প্ৰাণী হৈছে মৌমাখি, কাকাটোজ (Cockatoos), ময়ুৰপক্ষী, গুবৰুৱা পোক (Dung beetles), পৰিষ্কাৰ পানীত হোৱা এবিধ শেলুৱৈ (Freshwater algae) আৰু মানাকিন পক্ষী (Manakin)  
 মৌমাখিয়ে ইটোৰ লগত আনটোৰ যোগাযোগৰ মাধ্যম হিচাপেহে নৃত্যৰত হয় খাদ্যবস্তুৰ সন্ধানত অথবা খাদ্যবস্তুৰ সন্ধান পালে মৌমাখিৰ নৃত্যও ভিন ভিন হয় মৌমাখিৰ নৃত্য সৰ্বপ্ৰথমে এৰিস্টটলে লক্ষ কৰিছিল আৰু পিছলৈ ইয়াক 'বেল বিজয়ী জীৱ বিজ্ঞানী কাৰ্লে কিছু অধ্যয়নৰ অন্তত বিশ্লেষণ কৰিছিল কাকাটোজ নামৰ চৰাইবিধেও স্বভাৱসিদ্ধভাবে গীতৰ তালে তালে বিভিন্ন লয়ত নৃত্য কৰে ইহঁতক অলপ প্ৰশিক্ষণ দিলে মনোমোহা নৃত্য কৰিব পাৰে ময়ুৰপক্ষীৰ নৃত্যৰ কথা ওপৰত উল্লেখ কৰা হৈছে
প্ৰকৃতিৰ এক আশ্চৰ্য হৈছে গুবৰুৱা পোকৰ নৃত্য সৰু সৰু বিষ্ঠাৰ ধোপবোৰৰ ওপৰত বহি লৈ সিহঁতে এক আচহুৱা নৃত্য কৰে বিশেষকৈ শত্ৰুপক্ষক দেখিলে সিহঁতৰ পৰা বিষ্ঠাৰ ধোপবোৰক ৰক্ষা কৰাৰ কিটিপ হিচাপে এনে কৰে বুলি জনা গৈছে পৰিষ্কাৰ পানীত পোৱা এককোষী জীৱ এবিধ শেলুৱৈও একেলগে নৃত্য কৰে বুলি জীৱবিজ্ঞানীৰ গৱেষণাত জনা গৈছে প্ৰকৃততে সিহঁতে তেনেদৰে বংশবৃদ্ধি কৰে কল'ম্বিয়া আৰু ইকুৱাডৰত উপলব্ধ মানাকিন পক্ষীবিধে প্ৰজনন কালত কৰা নৃত্যই প্ৰাণীজগতৰ সবাতোকৈ আকৰ্ষণীয় নৃত্য বুলি প্ৰকৃতিবিদ সকলে ঠিৰাং কৰিছে
 
ডাঃ দিগন্ত যাদৱ শৰ্মা (Dr. Diganta Yadav Sarma)