Posts

Showing posts from December, 2012

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সংস্কাৰ’ৰ স্রষ্টাৰ লগত ২০ মিনিট (প্ৰবন্ধ)

***‘সংস্কাৰ’ৰ স্রষ্টাৰ লগত ২০ মিনিট*** === === === === === দহ চেপ্টেম্বৰ, ২০০৮ ইংৰাজী । মোৰ বাবে মনত ৰাখিবলগীয়া এটা বিশেষ দিন । সময় বোধকৰো দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত । কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রায় ও চৰতে পথৰ ওলোটা ফালে থকা ভাৰতীয় স্টেট বেংকৰ গুৱাহাটি শাখাটোত সোমাই আহিলো । মোৰ নিজৰ ‘ফিক্সড ডিপ’জিট’ সংক্রান্তিয় লেঠা । কামখিনি ৰ বাবে বেংকটোৰ দ্বিতীয় মহলাটোত থকা মহিলা বিষয়া গৰাকীৰ ওচৰলৈ গ’লো । তেঁও তললৈ মুৰ কৰি হাতত ‘মাউচ’টো লৈ কম্পুউটাৰৰ মনিটৰত কিবা এটা চাই আছিল । মই একো নোকোৱাকৈ তেঁও নিজে ওপৰলৈ মূৰ তোলালৈকে বাট চালো । সন্মুখত দুখন চকী পাৰি থোৱা আছিল। এগৰাকী মহিলাই ইতিমধ্যে ই এখন আসনত বহি আছিল । আনখন খালী, ভাবিলো বহো নেকি ! হঠাতে চকু গ’ল মোৰ ফালে পিছ দি বহি থকা মহিলাগৰাকীৰ চুলিখিনি আৰু অবয়ৱটোলৈ । কিবা এটা চিনাকী চিনাকী যেন ভাৱ হ’ল । অকনমান একাষৰীয় হৈ চাবলৈ চেষ্টা কৰি্লো । হয় তেখেতেই ! ইমান ওচৰত। মনটো হঠাতে পুলকিত হৈ পৰিছিল । ইমান দিনে ছবি অথবা দূৰদর্শনৰ পর্দাতহে দেখি আছিলো । কি ভাগ্যবান মই ! আজি স্বচক্ষ্যেই প্রতক্ষ্য কৰাৰ সোভাগ্য হ’ল । কেকোৰা চুলি

ফেচবুক ইত্যাদি (অনুভব)

***ফেচবুক ইত্যাদি*** ফেচবুকত বহুদিনৰ পৰাই আছো যদিও পিছলৈকে আমনি লাগিব ধৰিলে । শুনিছিলো “অসমীয়াত কথা বতৰা” গোটৰ কথা । এই গোটত থকা সমাজৰ অগণন সুপ্ৰতিস্থিত সকলৰ লগত এই নিঃকিনৰ অৱস্থান (লিখা-মেলা সংক্ৰান্তীয়) সম্পৰ্কে সন্দিহান হোৱাত গোটত সোমাবলৈ মন কৰা নাছিলো । পিছলৈ মন সলনি হোৱাত এনে ধৰনৰ দুটা গোটত (ইয়াৰে এটা “অসমীয়াত কথা বতৰা”) সোমাবলৈ অনুৰোধ কৰিলো আৰু লগে লগে সদস্য হৈ পৰিলো । এতিয়া কথা হল- একো নকৰাকৈ এনেয়ে গোটৰ সদস্য হৈ নিজে নিজৰ ওচৰত হাহিঁয়াতৰ পাত্ৰ হৈ থাকিম নে ভাগো লম ইয়াতে । গতিকে প্ৰথমবাৰৰ বাবে নিজৰ অনুভৱৰ বিষয়ে লিখি এই গোটটোত এটা টোকা Post কৰিলো । মই ভবাই নাছিলো যে মোৰ নিজৰ অনুভৱটোৰ ওপৰত অইন কোনোবাই মন্তব্য দিব । সচাকৈয়ে মনটো ভৰি পৰিল । যি হওঁক মোৰ লিখাত পঢ়িবলগীয়া কিবা পাইছে   আৰু যে অসমীয়াত লিখিব পাৰিছো । সাহস গোটাই আৰু দুটামান Post কৰিলো । লগতে মাজে সময়ে দিয়া মন্তব্য বোৰ আছেই । (এই কথাখিনিৰ গূৰুত্ব এইবাবেই যে ইয়াত   গোটেইবোৰ অসমীয়াত লিখা হয় )। ভাল লগা কথা এইটোৱেই যে এইসকলৰ মাজত মোৰ চিনাকী নাম বোৰো আছিল, যিবোৰৰ লিখা-মেলা বোৰ বিভিন্ন মাধ্যমৰ যোগেদি প্ৰায়ে পঢ়িবলৈ পাওঁ ।  

টিলৌ সংবাদ (কৌতুক)

***টিলৌ সংবাদ (১)*** --ক’কা কোলা আৰু আইতা— টিলৌ – অ’ পিতৌ, কছোন ক’ ক’কা কোলাৰ ( Cocacola) বিপৰীত শব্দ কি ? পিতৌ – মই নাজানো, তয়ে কছোন কি । টিলৌ – আইতা বগা । --------------------- ***টিলৌ সংবাদ (২)*** পিতৌ – অ’ কনটিলৌ, লুকাই থাক , লুকাই থাক ; তোৰ ‘স্কুলৰ চাৰ’ তহঁতৰ ঘৰৰ পদুলি মুখত । এই   সোমাব আৰু । টিলৌ – ক’কা, ক’কা (পিচ চোতালত গৈ চিঞৰি চিঞৰি) লুকুৱা লুকুৱা । ক’কা/পিতৌ (দুয়ো একেলগে) – কিয় কিয়, তইহে লুকাৱ লাগে । তইহে স্কুল যোৱা নাই দুদিন । টিলৌ – নহয় ক’কা, তুমিহে লুকুৱা কাৰন মইহে তোমাৰ মৃত্যু হৈছে বুলি কৈ স্কুল যোৱা নাছিলো এই দুদিন । --------------------- ***টিলৌ সংবাদ (৩)*** --টিলৌৰ প্ৰেম আৰু পাইখানা— টিলৌ ডাঙৰ হ’ল । কোনোমতে মেট্ৰিক পাছ কৰিলে । দেউতাকে ওচৰৰে চহৰখনৰ কলেজত নাম ভৰ্তি কৰাই দিলে । ল ’ ৰা ডাঙৰহে হ’ল, স্বভাৱ কিন্তু একেই থাকিল । প্রেমতো পৰিল কিজানি ! দেউতাকক কুটুৰি কুটুৰি মোবাইল নোপোৱাত   ক’কাকৰ জমা থকা পইচাৰ পৰাই ললে । পাইখানা কৰিবলৈ গলেও মোবাইল নিবলৈ নেৰা হ’ল । হোৱাই নোহোৱাই খালি মেছেজ দিয়া দিয়ি । এদিন পাইখানাত বহি থাকোতে এটা পেনপেনী