Posts

Showing posts from February, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

চেনেহৰ সঁফুৰা (অনুবাদ গল্প)

*** চেনেহৰ সঁফুৰা *** === === === === * চেনেহৰ সঁফুৰা ( ১ ): -------------------- দুয়োঘৰৰে আপত্তি আছিল। তথাপিও ইজনে সিজনক দিনটোত এবাৰ নেদেখিলে , এষাৰি মাত নুশুনিলে ৰাতি টোপনি নাহিছিল। ছোৱালীজনীয়ে ইয়াকে লৈ পৰিয়ালৰ লোকৰ পৰা যথেষ্ট কৰ্কথনাও শুনিছিল। ল ’ ৰাটো উচ্চ শিক্ষাৰ বাবে দুবছৰৰ বাবে বাহিৰলৈ যাবলৈ ওলাল। যোৱাৰ আগত ঘৰৰ প্রৱল আপত্তি স্বত্তেও প্রেমিকক আঙুঠী পিন্ধাই থৈ গ ’ ল। দুয়োজনে দুয়োজনক প্রতিশ্রুতি দিলে ঘনাই ঘনাই ‘ ফোন ’ ত কথা পাতিব , চিঠিৰ আদান প্রদান চলাই থাকিব। উচ্চ শিক্ষা সমাপ্ত কৰি আহিয়েই বিয়াখন পাতি পেলাব। হঠাতে এদিন দুর্ঘটনা এটাত পতিত হৈ ছোৱালীজনীয়ে বাকশক্তি হেৰুৱাই পেলালে। চিকিৎসকৰ মতে মগজুত আঘাট পোৱাৰ বাবে এনে হ ’ বলৈ পালে। মাকে জীয়েকৰ ভৱিষ্যত ভাবি ভাবি কেৱল চকুপানীকে টুকিলে। ‘ ফোন ’ বাজিলে ছোৱালীজনীয়ে জানে সেয়া তাইৰ প্রেমাষ্পদৰে হ ’ ব। কিন্তু চকুপানী টোকাৰ বাহিৰে জানো কোনো উপাই আছে ! আঁকাৰে ইংগিতে তাই ঘৰৰ আন সকলক তাইৰ দুর্ঘটনাৰ কথা ল ’ ৰাজনক নজনাবলৈ অনুৰোধ কৰিছিল। চিঠি লিখাও বন্ধ কৰি দিছিল। নিয়মিত ভাবে ল ’ ৰাজনৰ চিঠিবোৰ কিন্তু আহিয়েই আছিল। বাকশক্তি হেৰুৱাত ভবিষ্যত

বিভ্ৰাট (গল্প)

Image
বিভ্ৰাট (দিগন্ত যাদৱ শৰ্মা) ধে ৎ তেৰি এনেকুৱা সময়তেহে ‘ ক্লাছ ’ শেষ হ ’ ব পায়নে । শ্রেণী কোঠাটোত দুখন দুৱাৰ , এখন আগফালে , এখন পিছফালে । বাহিৰত পিছফালৰ দুৱাৰখনত পিঠিখন ভেজা দি বিমানে লগৰ তিনিজনৰ লগত বেঞ্চিখনত বহি আছিল । ভিতৰৰ পৰা খিলিটো লগাই থোৱাত সিহঁতৰ সুবিধাই হৈছিল । স্নাতক শ্রেণীৰ ‘ ক্লাছ ’ চলি আছিল । কিন্তু সিহঁতে নজনাকৈ ‘ ক্লাছ ’ টো শেষ হ ’ ল । ছোৱালী কেইজনীমানে ভিতৰৰ পৰা দুৱাৰখন খুলি দিয়াত বিমান গৈ ছোৱালী এজনীৰ গাতে ধলি পৰিল । লগেলগে বিমানে অবশ্যে পৰিবেশটো উপভোগ কৰিলে । মুখেৰে কিবা এটা ভোৰভোৰাই ছোৱালীজনীয়ে তাক আগফালে ঠেলি পাৰ হৈ গ ’ ল । দুজনীমানে তালৈ পোন্দোৱাকৈ চাই গুছি গ ’ ল । লাজতে মুচকচ যোৱাৰ উপক্রম হ ’ ল তাৰ । কোনোমতে নিজকে চম্ভালি লোৱাৰ আগতে দত্ত ছাৰৰ সন্মুখত পৰিল । উস্ ৰাম আজিহে এই গোটেইবোৰ হ ’ বলৈ পায়নে ? তলমুৱা হৈ কোনোফালে নোচোৱাকৈ চিৰিৰে নামি চিধা ‘ কেন্টিন ’ ৰ ফালে চেকুৰ ধৰিলে । বিমানে ‘ ট্রিগ ’ নোমেট্রি ’ ৰ ‘ ক্লাছ ’ টোলৈ অপেক্ষা কৰি আছিল । নহ ’ ল আৰু কৰা । কেনেকৈনো আৰু আগৰ ঠাইলৈ ঘুৰি যায় । আকৌ যদি দত্ত ছাৰৰ সন্মুখতে পৰে । কেইদিনমান আ