Posts

Showing posts from April, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প) (এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে পৰিবেশটো হঠাতে জয়াল কৰি তুলিলে। গাৰ কাষেৰে জপিয়াই কি যেন এটা পাৰ হৈ গ‘ল! হয়তো মেকুৰী! কিন্তু ইমান দুৰ্গন্ধ! নিলয়ে বিজুলীবাতিৰ বুটামবোৰ টিপি কোঠাটো পোহৰাই তুলিলে। কাপোৰসাজ সলাই ভৰি ধুবলৈ বাথৰুমলৈ খোজ দিলে। কিন্তু হঠাত বাথৰুমৰ পৰা অহা কান্দোনৰ চিঞৰে তাৰ গতি ৰুদ্ধ কৰি পেলালে। পিছৰবাৰ আকৌ কোনো গাভৰুৰ হাঁহিৰ খলকনিয়ে ৰাতিৰ নিস্তব্ধতা ভঙ্গ কৰি পেলালে। অথচ বাথৰুমটো বাহিৰৰ পৰাই খিলি লগাই থোৱা আছিল। নিলয়ে ভয়ে ভয়ে বাথৰুমটোৰ ফালে দৃষ্টি নিক্ষেপ কৰি থাকিল। কান্দোন আৰু হাঁহিৰ মিশ্ৰিত খলকনিৰ মাজতে দেখিলে বাথৰুমৰ দৰ্জাৰ তলৰ ফাকেৰে হোলোকা হোলোকে তেজৰ নৈ বৈ আহিছে। নিলয়ে উচপ খাই উঠিল আৰু বিবুদ্ধিত পৰি পলাবলৈ ধৰিলে। কিন্তু ঠিক তেনেতে দুৱাৰখন কৰ্কশ শব্দ কৰি নিজে নিজে বন্ধ হৈ পৰি

ধুবুনীৰ প্ৰেমৰ ৰহস্য :: ছাত্ৰাবাসৰ এডোখৰ (৫)

ধুবুনীৰ প্ৰেমৰ ৰহস্য :: ছাত্ৰাবাসৰ এডোখৰ (৫) প্ৰথম বছৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ দুই-এজনৰ সন্দেহ হোৱাৰেই কথা। সিহঁতেতো আৰু পৰজীৱী বিজ্ঞানৰ বিষয়ে তেতিয়ালৈকে পঢ়াই নাই। মহাবিদ্যালয়ত মাজে মাজে কৰিবলৈ দিয়া ‘এচাইনমেন্ট‘ অথবা প্ৰকল্পসমূহৰ কথা জানিবলৈ বা কৰিবলৈ সিহঁতৰ এতিয়াও সময় হোৱা নাই। এইবোৰৰ পৰা আকৌ চুড়ান্ত পৰীক্ষাত নম্বৰো যোগ হয়। গতিকে আমিও এই সৰু সৰু প্ৰকল্পবোৰ আটোমটোকাৰীকৈ বা নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰুবুল অনবৰতে চাফ-চিকুণ পৰিপাটি হৈ থাকি ভাল পায়। ইস্ত্ৰি নিদিয়াকৈ পেন্ট-চাৰ্ট নিপিন্ধেই। অৱশ্যে ইস্ত্ৰি কৰোৱাৰ সুবিধাও আছিল ওচৰত। সদায় আবেলিৰ চাহ খাবলৈ যোৱাৰ পথৰ দাঁতিত ধোবা এজনে পৰিয়ালৰ লগত থাকি কাপোৰ ধোৱা আৰু ইস্ত্ৰি কৰাৰ ব্যবসায় কৰিছিল। গতিকে ইস্ত্ৰি কৰি কাপোৰ পিন্ধাৰ অভ্যাস থকা সকলে তাতেই কাপোৰ ইস্ত্ৰি কৰিছিল। এদিন ৰুবুলেই অগ্ৰজ ছাত্ৰ দুজনমানৰ লগত ধুবুনীৰ সম্পৰ্কৰ বিষয়ে সন্দেহ কৰিছিল। সি আচৰিতেই হৈছিল। চাৰিটাকৈ সন্তানৰ মাতৃ ধুবুনী গৰাকীৰ লগত অগ্ৰজ কেইজনমানৰ কেনেকৈ প্ৰেমৰ সম্পৰ্ক স্থাপন হ‘ব পাৰে! এই বিষয়ত অধিক শুংসুত্ৰ উলিয়াবলৈ মনঃস্থ কৰিছিল। সহপাঠ

অসমীয়াত কথা-বতৰা আৰু মই (অনুভৱ)

অসমীয়াত কথা-বতৰা আৰু মই ( অনুভৱ) নমস্কাৰ, অসমীয়াত কথা বতৰাৰ সমূহ সদস্য আৰু প্ৰশাসকসকল, দিনাংক ২৮ মাৰ্চ’ ২০১২। দিনটোৰ কোনোবা এটা সময়ত মোৰ ‘ম’বাইল ফোন’টোত ই-মেইলৰ ‘alert tone’ বাজি উঠিছিল। মেজৰ ওপৰতে থকা “ম’বাইল ফোনটোৰ screen”ত দেখিছিলোঁ- জি-মেইলত মোলৈ অহা এটা ই-মেইল “………………approved your request to join the group অসমীয়াত কথা বতৰা।” আজি ২৮ মাৰ্চ’ ২০১৩। ‘অসমীয়াত কথা বতৰা’ত মোৰ এবছৰ সম্পুৰ্ণ হ’ল। ২০১২ বৰ্ষৰ আজিৰ দিনটোতে মই অকবৰ মজিয়াত প্ৰবেশ কৰিছিলোঁ। তেতিয়া ইয়াত মোৰ সচৰাচৰ প্ৰচলিত চিনাকি অৰ্থত এজনো নাছিল। আপোনালোক আটাইৰে লগত মোৰ মাত্ৰ এটাই চিনাকি আছিল- “আপোনালোকৰ দৰেই ময়ো অসমীয়া ভাষাক শ্ৰদ্ধা/সন্মান কৰোঁ। মই মোৰ মাতৃভাষা অসমীয়াক কেতিয়াও অবজ্ঞা কৰা নাই, নকৰোঁ। ইন্টাৰনেটৰ বিশাল জগতখনত ময়ো কিঞ্ছিত হলেও অসমীয়াত কথা বতৰা আগবঢ়াব খোজোঁ।” বিগত ৩৬৫ দিনত মই অসমীয়াত কথা বতৰাক কি দিছো সেইটো গুৰুত্বপুৰ্ণ নহয়। ‘কিবাকিবি’ লিখিবলৈ চেষ্টা কৰিছো যদিওঁ সেয়া অৱশ্যে অতি নগণ্য। আৰু সেয়া মানদণ্ডৰ ফালৰ পৰাও উত্তম নিশ্চয়কৈ নহয়। গুৰুত্বপুৰ্ণ কথাটো হৈছে অসমীয়াত কথা বতৰাই মোক বহুতো দিলে। আমনি লগাত কেইব

ভগ্নপ্ৰত্যাশা (চুটিগল্প)

বিনন্দই বাছৰ বাবে বহু সময় ৰ ' ল । গুৱাহাটিত কি হৈছে আজিকালি , ৮ বজাৰ পিছতে দেখোন বাছবোৰ অস্তিত্বশূন্য হৈ যায় । সি পাণবজাৰৰ চিটিবাছ আস্থানটোত বহু পৰ ৰৱলগীয়া হ ' ল । শেষত যেনিবা বাছ এখন আহিল । ভালকৈ ৰাখিবলৈ নাপাওঁতে বিনন্দই জাপ মাৰি উঠিল । কিয়নো তাৰ লগত আৰু কেইবাজনো আস্থানটোত আছিল আৰু সি দূৰৰ পৰাই পোহৰত দুখনমান আসন খালি হৈ থকা বুলি অনুমান কৰিছিল । আসন এখনৰ বৰ প্ৰয়োজন আছিল তাৰ । গোটেই দিনটো থিয় দি দি শৰীৰটো বৰ বেয়া লাগিছিল , অবশ হৈ পৰিছিল । অৱশেষত আসন এখন পোৱাত শৰীৰটো একেবাৰে এৰি দিছিল । বিনন্দই দুদিনমান আগতে ঘৰৰ পৰা আহিছে । ঘৰ তাৰ ইয়াৰ পৰা বহ নিলগত । তাৰ মনটো ভাবি ভাল লাগিল এইবাৰ যে ঘৰৰ টিনপাত লগোৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হ ' ল । এইবাৰ হয়তো বাৰিষাৰ দিনবোৰত সিহঁতকেইটাই শান্তিৰে কটাব পাৰিব । হওঁতে কিছু টকা ধাৰ নোহোৱা নহয় ! ভনীয়েক দুজনীৰ কথা ভাবি দুখ লাগিল । সিহঁতে এটা গাধোৱা ঘৰৰ বৰকৈ অভাব অনুভব কৰিছে । হয় , সিঁহত যে এতিয়া ডাঙৰ হৈছে । আগৰ দৰে পুখুৰীটোত গা ধুবলৈ যাব নোৱাৰে । নিৰ্লজ্জ , নিধক চকু কেইজোৰমানে সিহঁত দুজনীৰ শৰীৰৰ অংশবোৰত কি যেন এক অন্বে