Posts

Showing posts from June, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (৭) :: RETURN OF THE EVIL DEAD

ছাত্ৰাবাসৰ এডোখৰ (৭) :: RETURN OF THE EVIL DEAD সময় মাজৰাতি। আনুমানিক তিনি বাজিছিল। হঠাৎ ভয়াৰ্ত কণ্ঠেৰে উৎপলদাৰ চিঞৰ- - তিৱাৰী , তিৱাৰী , নুশুন নেকি ? ইমানকৈ চিঞৰি মাতি থাকিব লাগে! - কি হ ’ ল বাবুজী ? - পিছফালে চাচোন! চৰ-চৰ-চৰ-চৰ , ফৰ-ফৰ-ফৰ-ফৰৰ নিচিনা শব্দ হৈ আছে! অলপ সময় পাঁচ বেটেৰিয়া টৰ্চটোৰে ভালদৰে ইফালে-সিফালে চাই নৈশ পহৰাদাৰ তিৱাৰীয়ে ক ’ লে- - একো নাই বাবুজী। আপুনি শুই থাকক। এতিয়াতো একো শব্দও নাই! - তেন্তে শব্দ ক ’ ৰ পৰা আহিছিল ? - এন্দুৰো হ ’ ব পাৰে। - ধেৎ এন্দুৰ-নিগনিৰ শব্দ নহয়! তই ভালদৰে চোৱাই নাই! - হয়তো কোনো মায়াবিনীৰো শব্দ হ ’ ব পাৰে। মই কেতিয়াবা নূপুৰৰ শব্দ শুনোঁ! আপুনি ঈশ্বৰৰ নাম লৈ শুই থাকক। ৰাতি পুৱাবলৈ বেছি পৰ নাই। গোটেই ৰাতি উৎপল কাকতিয়ে ইছাটি-বিছাটি কৰি থাকিল। মাজতে তিৱাৰীয়ে এবাৰ মাত লগালে। তাৰ কিবা এটা মনত পৰাত উত্তৰ নিদিয়াকৈ মনে মনে থাকিল। টোপনি হ ’ লে অলপো নাহিল। উৎপলদা এনে কিন্তু বৰ খামিডাঠ মানুহ। এজন ভাল ভলী খেলুৱৈ। অসমৰ বাহিৰত দুবাৰো বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে। টোপনি এনেয়েও অহা নাছিল। ৰুমমেট নাছিল। ভয় ভয়তো লাগি আছিলেই! তাতে আকৌ শব্দৰ

অলপ ৰোমন্থন :: 'ফাউন্টেন পেন' (প্ৰবন্ধ)

অলপ ৰোমন্থন ::  ' ফাউন্টেন পেন ' === === === === ... ... তহঁতে চিয়াঁহীবোৰ খাৱ নেকি ? সদায় যে স্কুলৰ পৰা আহোতে হাতে-মুখে লাগি আহে ! বগা চাৰ্টটো যে চিয়াঁহীৰে ফুল তুলি আনিছ কাইলৈ কি পিন্ধি স্কুললৈ যাবি ? ব্লটিং পেপাৰ দিছিলো নহয় ! তাৰে কলমটোৰ নিবটো ভালদৰে মছি ল ' ব নোৱাৰিলি ? কলমটোত চিয়াঁহী ভৰাই লৈছনে ? …. … ওচৰৰ দোকানখনত ছোৱালীজনীৰ বাবে ' ফাউন্টেন পেন ' মানে চিয়াঁহী ভৰাব পৰা কলম কিনিবলৈ আহোতে আমাৰ স্কুলীয়া দিনৰ কথাবোৰ মনলৈ আহিল। ওপৰত উল্লেখ কৰা কথাকেইফাঁকি স্কুললৈ অহা - যোৱা কৰাৰ সময়ত মাহতঁৰ সকীয়নি আছিল । স্কুলীয়া জীৱনত এই '' ফাউন্টেন পেন ' টোও আমাৰ পঢ়া - শুনাৰ লগতে খেল - ধেমালি , হাই - কাজিয়াৰো সঙ্গী আছিল । সচাঁকৈ বহুদিন ' ফাউন্টেন পেন '  কিনা নাই । শেষবাৰ কেতিয়া কিনিছিলো মনত নপৰে দেখোন ! ছোৱালীজনীক এইবছৰৰ পৰা স্কুলত ' ফাউন্টেন পেন ' ব্যৱহাৰ কৰিবলৈ দিছে । এতিয়াহে মন কৰিলো আজিকালি সকলো কিতাপ - কাগজৰ দোকানত এই চিয়াঁহী ব্যৱহাৰ কৰিব লগা কলমবিধ পোৱা নাযায় । আমাৰ সময়ত কলম ( এতিয়াৰ পৰা ' ফাউনন্টেইন পেন ' ক