Posts

Showing posts from September, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

চিকিৎসাৰ প্ৰমাণ পত্ৰ, ‘I’ আৰু ‘OGK’ :: ছাত্ৰাবাসৰ এডোখৰ (১০)

চিকিৎসাৰ প্ৰমাণ পত্ৰ, ‘I’ আৰু ‘OGK’:: ছাত্ৰাবাসৰ এডোখৰ (১০)   দিগন্ত যাদৱ শৰ্মা স্নায়ুতত্ত্বৰ সহযোগী অধ্যাপক ডেকা চাৰ ‘হেড চাৰ’ৰ কোঠালৈ সোমাই আহিল। : চাৰ মোক মাতি পঠিয়াইছিল? মই প্ৰশ্নকাকতখন তৈয়াৰ কৰি আছিলোঁ। : অ’ ডেকা আহিছা। বহাছোন। অলপ ৰ’বা। মোৰ এটা গুৰুত্বপূৰ্ণ ‘ফোন’ কৰিবলগীয়া আছে। হেড চাৰে ‘ৰিচিভাৰ’টো হাতত লৈ ‘ডায়েল’ কৰিবলৈ ধৰিলে। ডেকাচাৰ সন্মুখৰ চকীখনত বহি থাকিল। এসময়ত হেডচাৰে ফোনটো থলে। : ডেকা এইখন পঢ়াছোন। মই একো বুজিব পৰা নাই। এনেকুৱা অসুখৰ নামটো আগতে নাই শুনা। -তেখেতে ছাত্ৰ এজনৰ চিকিৎসাৰ প্ৰমাণ পত্ৰ এখন সতীৰ্থ ডেকাৰ হাতত দিলে। : OGK, কি ৰোগৰ নাম হ’ব পাৰে? চাৰ, ময়ো বুজা নাই! : তাকেইতো! সেইফালে গ’লে ডাঃ শইকীয়াক তুমি এবাৰ সুধি আহিবা নেকি? মোৰ লগত তেনেকৈ যোগাযোগো নাই। তাতে তেওঁৰ ‘ফোন’টোও বেয়া হৈ আছে নেকি? দুয়ো আকৌ ভাবিবলৈ ধৰিলে। এই OGKটো কি বেমাৰ হ’ব পাৰে। চমুকৈ লিখিছে নিশ্চয়! সেয়ে বুজিব পৰা নাই। কিন্তু জানিবলৈ দুয়োজনৰে মনটো উচপিচাই থাকিল। চিকিৎসাৰ প্ৰমাণ পত্ৰখন আছিল মনদীপ হাজৰিকাৰ। দ্বিতীয় বৰ্ষ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। এদিন পিছতেই স্নায়ুতত

অমল বেজবৰুৱাৰ অসুখটো ভাল হ’বনে (চুটি-গল্প)

অমল বেজবৰুৱাৰ অসুখটো ভাল হ’বনে ( চুটি-গল্প ) দিগন্ত যাদৱ শৰ্মা আহিন মাহতো ইমান গৰম পৰেনে! চিটি বাছখনতো বহিবলৈ চিট এটা নাই। শিলপুখুৰীত দুজনমান নামি যোৱাত চিট এটা খালি হ’ল। কিছু কচৰৎ কৰি অমলে খালি হোৱা একেবাৰে শেষৰ চিটটোত বহি ল’লে। গাত ভৰি লাগোতে এজনে কিবাকিবি ক’লেও কওঁক, কৈ থাকক। কি আহে যায়, ইমান গৰমত খিৰিকীৰ কাষত চিট এটা পোৱা ক’ম ডাঙৰ কথা নহয়! অন্ততঃ এই গেলা গৰমত কিছু বতাহ পোৱা যাব। আজি অমলৰ হাতত বহুত সময়। কার্য্যলয়ৰ পৰাও সোনকালে আহিছে। অমলৰ এটা অসুখ হৈছে। শৰীৰ আৰু মনৰ পৰা এৰিবলৈ মন নোযোৱা অংশ এটা যেন এৰাই গৈছে। সেয়ে ওপৰৱালাক কৈ ছুটি লৈ আহিছে। কিবা এটা অহৈতুক চিন্তাত চিকিৎসাৰ বাবে তেওঁ চিকিৎসকৰ ওচৰলৈও যোৱা নাই। কেইবাদিনো বহুত ভাবি চিন্তি এটা সিন্ধান্ত ল’লে যে তেওঁ নিজে নিজৰ অসুখটোৰ চিকিৎসা কৰাৰ চেষ্টা কৰিব। অমলে ঠিক কৰিছে তেওঁ কালি ৰাতিপুৱাৰ পৰাই অসুখটোৰ চিকিৎসা কৰাব। শৰীৰ আৰু মনৰ পৰা এৰাই যোৱা অংশটো জোৰা লগাবলৈ চেষ্টা কৰিব। বাছখন আহি চান্দমাৰী ‘ফ্লাইঅভাৰ’ৰ মাজ পালেহি। অমলে বাছখনৰ খিৰিকীৰে সোঁহাতে দেখা শৰণীয়া পাহাৰটোত চকু স্থিৰ কৰিলে। নেদেখা হোৱালৈকে অমলে পাহাৰৰ টিঙটোত