Posts

Showing posts from November, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছামান্থা ফক্স আৰু মাণিক-ৰজনীৰ কন্দল :: ছাত্ৰাবাসৰ এডোখৰ (১২)

( টোকাঃ “ ছাত্ৰাবাসৰ এডোখৰ ” ৰ আৰম্ভণিতে ভবাই নাছিলোঁ যে ধাৰাবাহিকভাবে প্ৰতিটো মাহতে একোটাকৈ খণ্ড লিখি আজি এবছৰ সম্পূৰ্ণ কৰিম। আপানোলোকৰ পৰা উ ৎ সাহ আৰু সঁহাৰি নোপোৱা হ ’ লে মোৰ বাবে লিখাটো সম্ভৱপৰ নহ ’ লেহেতেঁন। ইয়াৰ বাবে মই নিশ্চয়কৈ অ . ক . ব . ৰ সদস্যবৃন্দৰ ওচৰত কৃতজ্ঞ। এই আপাহতে “ ছাত্ৰাবাসৰ এডোখৰ ” ৰ প্ৰতিটো খণ্ড সাহিত্যত প্ৰকাশৰ বাবে বিবেচিত কৰাত বিগত এঘাৰটা সংখ্যাৰ সাহিত্য ডট অৰ্গৰ (xahitya.org) সম্পাদকসকলকো কৃতজ্ঞতা জনালোঁ। ভিন - ভিন মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ছাত্ৰাবাসত থাকি অহা আৰু বৰ্তমানো থকা সদস্যসকলে জানো / জানে ছাত্ৰাবাসত পঢ়া - শুনাৰ লগতে বিভিন্ন ঘটনা - প্ৰতিঘটনা চলি থাকে। এইবোৰৰ মাজত থাকে হাঁহি - কান্দোন , আনন্দ - বিষাদ , খেল - ধেমালি , মৰম - স্নেহ , প্ৰেম - ভালপোৱা , কাজিয়া - পেঁচাল , মাৰ - পিট ইত্যাদি - ইত্যাদি … “ ছাত্ৰাবাসৰ এডোখৰ ” ত অৱশ্যে ছাত্ৰাবাসৰ স্মৃতিৰ ভঁড়ালৰ পৰা হাঁহি আৰু নিৰ্মল আনন্দৰ খোৰাক যোগোৱা ঘটনাবোৰহে আপোনালোকৰ সৈতে ভগাই লৈছোঁ। অৱশ্যে পৰিবেশন কৰোঁতে ঘঁহি - পিহি লোৱা হৈছে অথবা মূল কাহিনীৰ পৰা আঁতৰিও যাব লগা হৈছে। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ। —

সমাজ (গল্প)

ডঃ গগৈ পৰিবাৰৰ সৈতে মণিক লৈ ব্যতিব্যস্ত হৈ আছিল । হঠাত পদুলিমুখত হোৱা হাই - উৰুমি শুনি খিৰিকিৰ পৰ্দা আঁতৰাই দেখে তেওঁৰ ঘৰৰ জপনাখন খুলি এজাক মানুহ সোমাই আহিছে । মানুহজাকৰ মাজত তেওঁৰ চুবুৰীৰে কেইবাজনো , স্থানীয় সংঘৰ কৰ্মকৰ্তা , ২৪ X ৭ দৈনিক আৰু আমাৰ খবৰ ' টিভি চেনেল ' ৰ কেমেৰাৰ সৈতে সংবাদদাতা । গগৈয়ে দুৱাৰখন ভালকৈ খুলিবলৈ নাপাওঁতেই টিভি চেনেল দুটাৰ সংবাদাতাই মণিৰ ফালে কেমেৰা টোৱালেই । লগে লগে সংবাদাতাই ধাৰাবিবৰণী দিবলৈ ধৰিলে । : “ এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে এজনী বনকৰা ছোৱালীক ডঃ মিহিৰ গগৈৰ দৰে মহাবিদ্যালয়ৰ অধ্যাপক এজনে পত্নীৰ সৈতে মিলি অত্যাচাৰ কৰিছে ? এয়া ২৪ X ৭ দৈনিকৰ ' এক্সক্লুচিভ ' । আমি আজি হাতেলোটে ধৰি উদঙাই দিলো । আপোনালোকে চাওঁক ছোৱালীজনীয়ে কিদৰে চকুপানী টুকি আছে । তাইৰ চকু কেনেকৈ উখহি গৈছে ! বাৰু ভন্টী তোমাৰ নামটো কোৱাছোন । তোমাক বাৰু সদায়ে এনেদৰে অত্যাচাৰ কৰে নেকি ?” ঘটনাৰ আকস্মিকতাত মণিয়ে ভয় খাই হুৰাউৰায়ে কান্দিবলৈ ধৰিলে ।