Posts

Showing posts from March, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অ' মৰমী লগৰী::ছাত্ৰাবাসৰ এডোখৰ (১৫)

( বিধিসন্মত সতৰ্কীকৰণ : সুৰাপান সুখ - শান্তিৰ পথৰ কন্টক বুলি অসংখ্যবাৰ প্ৰমাণিত হৈছে আৰু ই স্বাস্থ্যৰ বাবে ও হানি কাৰ ক । ) : এয়া এইবাৰ মঞ্চত হিল্লোল ডেকাই আধুনীক গীত এটি আগবঢ়াব । কিছু সময় ৰৈ হিল্লোলক মঞ্চত প্ৰবেশ নকৰা দেখি ঘোষকে আকৌ ক ' লে - : হিল্লোল ডেকা আপুনি যতেই আছে সোনকালে আহি মঞ্চত প্ৰবেশ কৰিব লাগে । আপোনাৰ গানৰ শ্ৰোতাই আপোনাৰ বাবে আপেক্ষা কৰি আছে । নাই ! হিল্লোল ডেকাৰ আবিৰ্ভাব নহয়েই দেখোন । লগৰ আন এজনে ' মাইক্ৰফোন ' টো লৈ পৰবৰ্তী গৰাকী মাতিবলৈ লওঁতেই হিল্লোল ডেকাৰ মঞ্চত আবিৰ্ভাব ঘটিল । ' মাইক্ৰফোন ' টো হাতত লৈ হিল্লোল মঞ্চৰ সোমাজলৈ আহিল । তাৰ ভাল লাগিল । মঞ্চৰ প্ৰথম শাৰীতে ভেষজবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক গগৈ চাৰো বহি আছে । তাৰ মনত পৰিল চাৰে যে তাক এদিন সকলোৰে আগত কৈছিল - ' তই কোনো কামৰে যোগ্য নহয় । ' সি কম লাজ পাইছিলনে? আজি এই বিদায় ক্ষণত সি তাৰ হৃদয়ৰ পৰা নিগৰি অহা কন্ঠৰে চাৰৰ অন্তৰ জয় কৰিব । : নমস্কাৰ । অলপ পলম হো