Posts

Showing posts from April, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গাহঁতৰ কথাৰে :: ছাত্ৰাবাসৰ এডোখৰ (১৬)

প্ৰথম ষান্মাসিকৰ ছাত্ৰ ইঙ্গুঙ্গাৰ অদ্ভুত ধৰণৰ উত্তৰটো শুনি দিলীপহঁত অলপ হলেওঁ ' কনফিউজ ' হৈ পৰিল । ইজনে সিজনৰ ফালে চোৱাচুই কৰিব ধৰিলে । আচলতে ইঙ্গুঙ্গাৰ মুখত এনেধৰণৰ ইংৰাজী শুনিবলৈ সিহঁতে আশাই কৰা নাছিল । আশীষে অৱশ্যে কথাটো বুজিব পাৰি মনৰ মাজতে হাঁহি এটি সামৰি থলে। কাষত থকাজনক কাণে কাণে কলে । : অই উত্তৰটো কেনে ধৰণৰে দিছে ধৰিব পাৰিছনে ? আমি যে উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে ইংৰাজী শ্ৰেণীত চাৰে এজনক পিছফালৰ দুৱাৰখন খুলি দিব কৈছিল। তাৰো ইংৰাজীত উত্তৰ দিব গৈ খোকোজা লাগিছিল। দুৱাৰখন বাহিৰৰ পৰা বন্ধ আছিল। দুৱাৰখন খুলিব নোৱাৰি ‘ নাৰ্ভাছ ’ হৈ উত্তৰ দিছিল _“Sir, the door is holiday from outside.” মনত আছে ? মহাবিদ্যালয়খনত আকৌ এটা নতুন শিক্ষা বছৰ আৰম্ভ হৈছে । মুঠ ১৫০ খন আসনৰ ভিতৰত ৫০ খন আসন সাতভনী আৰু অন্যান্য ৰাজ্যকেইখনৰ বাবে মুকলি থাকে । নতুনকৈ অহা ছাত্ৰ - ছাত্ৰীৰে আবাসবোৰৰ খালি হোৱা কোঠালিবোৰ ভৰি পৰিছে । লগে লগে নতুনকৈ অহাবোৰৰ লগত অগ্ৰজসকলৰ চিনাকি পৰ্ব ও আৰম্ভ হৈ গৈছে । গধূলি হলে দুৱাৰবোৰত ট