Posts

Showing posts from December, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

প্ৰায়শ্চিত্ত

ডিচেম্বৰৰ শেষ ভাগ । হৰেশ্বৰ বাহিৰলৈ ওলাই আহিল । ফিৰফিৰীয়া ঠাণ্ডা বতাহ এজাকে হৰেশ্বৰক কাপোৰৰ ওপৰৰে হলেও চুই নোযোৱাকৈ নাথাকিল । আইতাকে গৰম চাদৰখনৰে কাণ - মূৰ ভালদৰে ঢাকি মেৰিয়াই দিছে । সেয়ে ঠাণ্ডা লাগিবৰ সুযোগকণ নাই । যিমান পাৰি বেগাই গৈ বিলখনৰ ওচৰলৈ গ ' ল । বহিবলৈ ঠাই বিচাৰিলে । নাই গোটেইখন নিয়ৰ আৰু কুৱলিৰে তিতি আছে । হৰেশ্বৰ ে বিলখনৰ পাৰত থকা প্ৰকাণ্ড ৰাধাচূড়াজোপাৰ শকত চাই গুৰি শিপাদালতে বহি ল ' লে । কুঁক কাঁক ... কিঁক - কিঁক ... কিমান ধৰণৰ যে বিচিত্ৰ শব্দ । মাজে মাজে পানীত খেট খেটোৱাৰ শব্দ । নিশ্চয় মাছ - বেং বিচাৰি ফুৰিছে । বিভিন্ন ধৰণৰ হাঁহ । সৰু ডাঙৰ । বিবিধ বৰণৰ । বিভিন্ন আঁকাৰৰ । দেখিলেই যেন হাতেৰে ধৰি বুকুৰ মাজত উম লৈ থাকিবলৈ মন যায় । কি বিচিত্ৰ ভঙ্গি , গলটো বেকা কৰি চোৱা মৰম লগা চাৱনি । নামবোৰো ভিন্ন । ককাক আইতাকে নামেৰে সৈতে একোটা পৰিচয় কৰি দিছিল । পানীহাঁহ , পাতি হাঁহ , শৰালী , দেওহাঁহ , তিতিয়লি আদি কত ধৰণৰ যে হাঁহ আছে । : হৰেশ্বৰ ... হৰেশ